প্ৰকাশন

এতিয়ালৈকে তেওঁৰ ৰচনাসমূহৰ ৰচনা সমগ্ৰ (মুনীন বৰকটকী ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, ২০১৪)কে ধৰি দহখনতকৈও অধিক গ্ৰন্থ আৰু তেওঁৰ বিষয়ে তিনিটা স্মাৰক সংকলন প্ৰকাশ হৈছে ৷ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে দুটাকৈ গুৰুত্বপূৰ্ণ স্মাৰক সংকলন৷ সম্পূৰ্ণ তালিকাৰ বাবে ইয়াতে ক্লিক কৰক৷ তদুপৰি ন্যাসে মুনীন বৰকটকীৰ অন্তৰংগ বন্ধু কৃষ্ণ ভূঞাৰ কবিতা সংকলন ‘জীৱনৰ মৰীচিকা’ (১৯৯৮), মুনীন বৰকটকীৰ অগ্ৰজ সত্যেন বৰকটকীৰ বিষয়ে এখন গ্ৰন্থ আৰু মুনীন বৰকটকীৰ জন্মস্থান বালিগাঁৱৰ বিষয়েও এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷

২০১৬ চনত ন্যাসে মুনীন বৰকটকীৰ পত্নী ৰেণুকা দেৱী বৰকটকীৰ ৮৫সংখ্যক জন্মদিৱস উপলক্ষে এখন অভিনন্দন গ্ৰন্থ অনন্যা ৰেণুকা প্ৰকাশ কৰি উলিয়ায়৷ ৰেণুকাদেৱী বৰকটকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ন্যাসৰপৰা প্ৰকাশ পায় স্নেহশীলা তেজস্বিনী শীৰ্ষক এখনি সোঁৱৰণী সংকলন। ন্য়াসৰ উদ্য়োগত 'ৰেণুকা দেৱী বৰকটকী : জীৱন আৰু কৃতি' শীৰ্ষক এখনি জীৱনী বিশিষ্ট লেখক বিনয় মোহন শইকীয়াদেৱে ৰচনা কৰি উলিয়ায়। গ্ৰন্থখন ২০২২ চনত পূৰ্বায়ণ প্ৰকাশনৰদ্বাৰা প্ৰকাশ পায়। গ্ৰন্থখনৰ পৰিশিষ্টত মুনীন বৰকটকীদেৱৰ সংক্ষিপ্ত জীৱনীও অন্তৰ্ভুক্ত হৈছে।

ন্যাসে মুনীন বৰকটকী বঁটা বিজয়ী গ্ৰন্থ আৰু বিজেতাসকলৰ বিষয়ে এখনি গ্ৰন্থ 'মুনীন বৰকটকী বঁটা : গ্ৰন্থ আৰু প্ৰাপকসকল' (২০১৫, সম্পাদনা : লুটফা হানুম ছেলিমা বেগম আৰু কুশল দত্ত) শিৰোনামেৰে প্ৰকাশ কৰি উলিয়াইছে শেহতীয়াকৈ৷ ১৯৯৫ৰপৰা ২০০৪ চনলৈ বঁটা প্ৰাপকসকলৰ গল্প আৰু কবিতাৰ প্ৰদীপ আচাৰ্য্য আৰু মীনাক্ষী বৰকটকীকৃত ইংৰাজী অনুবাদ প্ৰদীপ আচাৰ্য্যৰ সম্পাদনাৰে Winners All (এম. বি. এম. টি. ২০১১, ভৱানী বুক্ছ ২০১৩) নামেৰে প্ৰকাশ হৈছে ৷ ২০০৫ৰপৰা ২০১৪লৈ বঁটা বিজয়ীসকলৰ নিৰ্বাচিত ৰচনাৰ ইংৰাজী অনুবাদৰ আন এটা সংকলনো শেহতীয়াকৈ (মাৰ্চ, ২০২১) প্ৰকাশ পাইছে ৷ 'Unchartered W(e)aves' শীৰ্ষক প্ৰদীপ আচাৰ্য্য আৰু মীনাক্ষী বৰকটকী সম্পাদিত এই সংকলনটোৰ প্ৰকাশক ‘পেপিৰাছ’ ৷

প্ৰায় এটা দশকৰ পূৰ্বৰ ট্ৰাষ্টৰ উদ্যোগৰ আন এটা অভিলাষী প্ৰকল্প আছিল ইংৰাজী ভাষাত অসমৰ সমাজ আৰু সাহিত্য জগতৰ প্ৰবাদপ্ৰতিমসকলৰ বিষয়ে এটা সংকলন প্ৰণয়ন কৰা৷প্ৰসিদ্ধ কবি, অধ্যাপক হীৰেন্দ্ৰনাথ দত্ত আৰু লেখিকা-অনুবাদিকা স্তুতি গোস্বামীৰ সম্পাদনাত অৱশেষত শেহতীয়াকৈ নেচনেল বুক ট্ৰাষ্টৰদ্বাৰা প্ৰকাশ পাইছে এই বিশেষ সংকলনটো৷ সংকলনটোৰ নাম— Warp and Weft: Makers of Modern Assam

শেহতীয়াকৈ প্ৰকাশ পাইছে মুনীন বৰকটকীৰ জীৱন আৰু দিনপঞ্জী আধাৰিত শিশিৰ বসুমতাৰীৰ গ্ৰাফিক উপন্যাস The Real Mr. Barkotoki । গ্ৰন্থখন স্পিকিং টাইগাৰ প্ৰকাশনৰদ্বাৰা ২০১৯ চনত প্ৰকাশ পাইছে। এই গ্ৰন্থৰ অসমীয়া অনুবাদৰ ‘বৰকটকীৰ পম খেদি’ সম্প্ৰতি প্ৰকাশৰ বাবে সাজু হৈ আছে ৷ আগ্ৰহী প্ৰকাশক পালেই গ্ৰন্থখনি ছপাৰূপত পঢ়ুৱৈৰ হাতত পৰিবগৈ ৷

ন্য়াসৰ উদ্য়োগত শেহতীয়াকৈ প্ৰকাশ পাইছে ২০১৪ বৰ্ষৰ বঁটা বিজেতা প্ৰয়াত তুলিকা শইকীয়াৰ বুৰঞ্জীমূলক উপন্য়াস চাৰিশাল গোসাঁনীৰ তেজ ৰ মীনাক্ষী বৰকটকীয়ে কৰা ইংৰাজী অনুবাদ গ্ৰন্থ 'Wrath of the Goddess'। গ্ৰন্থখনি ২০২৩ত প্ৰকাশ কৰিছে ভৱানী বুকছে।

অনাগত সময়ত ন্যাসে মুনীন বৰকটকীলৈ লিখা আৰু মুনীন বৰকটকীয়ে লিখা পত্ৰসমূহৰ এখন গ্ৰন্থ আৰু অন্যান্য বিষয়ৰ কেইখনমান গ্ৰন্থ প্ৰকাশ কৰিব৷