গ্ৰন্থসমূহ

তেওঁৰ জীৱনকালত মাত্ৰ এখন গ্ৰন্থ প্ৰকাশ হৈছিল 'বিস্মৃত ব্যতিক্রম'৷ এই গ্ৰন্থখনৰ বাবে ১৯৮৩ চনত তেওঁ সন্মানীয় অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল৷ সম্পূৰ্ণ গ্ৰন্থখনৰ বাবে ইয়াতে ক্লিক কৰক।

মুনীন বৰকটকীৰ গ্ৰন্থসম্ভাৰ :

অসমীয়া গ্ৰন্থসমূহ :

বিস্মৃত ব্যতিক্রম, বাণী প্ৰকাশ, ১৯৮১ (দ্বিতীয় তাঙৰণ ১৯৮৯)

বন্দিত বৰেণ্য, শিৱনাথ বৰ্মন (সম্পাঃ), লয়াৰ্ছ বুক ষ্টল, ১৯৯৫

প্ৰসঙ্গ সমালোচনা, নলিনীধৰ ভট্টাচাৰ্য্য (সম্পাঃ), ষ্টুডেণ্টছ্ ষ্ট'ৰ্ছ, ১৯৯৬

সৃষ্টি ত্ৰিবিধা, যোগেন্দ্ৰ নাৰায়ণ ভূঞা (সম্পাঃ), ষ্টুডেণ্টছ্ ষ্ট'ৰ্ছ, ১৯৯৬

অন্তৰ আৰু অন্তৰীক্ষ, ডঃ হীৰেন গোহাঁই (সম্পাঃ), চন্দ্ৰ প্ৰকাশ, ১৯৯৮

মুনীন বৰকটকী ৰচনাৱলী, পাতনি : ডঃ হীৰেন গোহাঁই, অসম প্ৰকাশন পৰিষদ, ২০১৪

ইংৰাজী গ্ৰন্থ :

A Munin Barkotoki Miscellany, সম্পাঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, বুক হাইভ, ১৯৯৮

ইংৰাজীলৈ অনূদিত গ্ৰন্থ :

Essentially Speaking: Biographical Snapshots, সম্পাঃ মীনাক্ষী বৰকটকী আৰু স্তুতি গোস্বামী, গৌহাটী ইউনিভাৰ্ছিটী প্ৰেছ, ২০১৫ [ 'বিস্মৃত ব্যতিক্ৰম' আৰু 'বন্দিত বৰেণ্য'ৰ নিৰ্বাচিত প্ৰবন্ধৰ অনুবাদ]

মুনীন বৰকটকী বিষয়ক গ্ৰন্থসম্ভাৰ :

জীৱনী :

প্ৰজ্ঞাধিকাৰী মুনীন বৰকটকী, ডঃ নগেন শইকীয়া, পূৰ্বাঞ্চল প্ৰকাশ, ২০১৫

The Real Mr. Barkotoki , শিশিৰ বসুমতাৰী, প্স্পিকিং টাইগাৰ, ২০১৯; [মুনীন বৰকটকীৰ জীৱন আৰু দিনপঞ্জী আধাৰিত গ্ৰাফিক উপন্যাস]

মুনীন বৰকটকী স্মাৰক গ্ৰন্থ :

বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী, উপেন্দ্ৰ বৰকটকী (সম্পাঃ), এম. বি. এম. টি, ১৯৯৪

প্ৰসঙ্গঃ মুনীন বৰকটকী, উপেন্দ্ৰ বৰকটকী (সম্পাঃ), নতুন অসম, ২০০৭

অন্যান্য প্ৰাসংগিক গ্ৰন্থ :

বালিগাঁৱৰ চমু ইতিহাস আৰু বৰকটকী পৰিয়ালৰ আঁতি-গুৰি, ভৱেন পূজাৰী আৰু চন্দ্ৰপ্ৰভা ভট্টাৰ্য্যা, মুনীন বৰকটকী স্মাৰক ন্যাস, ২০১৪

সত্যেন বৰকটকী : জীৱনৰ কৃতিত্ব, সম্পাঃ অৰিন্দম বৰকটকী, ২০১৫

অনন্যা ৰেণুকা , সম্পাদনা : লুটফা হানুম ছেলিমা বেগম, প্ৰকাশক : মুনীন বৰকটকী স্মাৰক ন্যাস, ২০১৬ ; সম্পূৰ্ণ পি ডি এফ সংস্কৰণৰ বাবে ইয়াতে ক্লিক কৰক

স্নেহশীলা তেজস্বিনী, সম্পা : কুশল দত্ত, ২০১৭; সম্পূৰ্ণ পি ডি এফ সংস্কৰণৰ বাবে ইয়াতে ক্লিক কৰক

ৰেণুকা দেৱী বৰকটকী : জীৱন আৰু কৃতি , বিনয় মোহন শইকীয়া (পূৰ্বায়ণ প্ৰকাশন, ২০২২) ;