বঁটা প্ৰদান অনুষ্ঠান

১৯৯৫ চনৰ প্ৰথম মুনীন বৰকটকী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল লক্ষ্মীৰাম বৰুৱা সদনত ১৯৯৬ চনৰ পহিলা জানুৱাৰীত৷ চন্দ্ৰপ্ৰসাদ শইকীয়াই সভাপতিত্ব কৰা সভাখনত ডঃ সত্যেন্দ্ৰনাথ শৰ্মা আছিল মুখ্য অতিথি আৰু অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী আছিল নিৰ্দিষ্ট বক্তা৷ ডঃ শিৱনাথ বৰ্মনৰদ্বাৰা সম্পাদিত মুনীন বৰকটকীৰ জীৱনীমূলক ৰচনাৰ গ্ৰন্থ 'বন্দিত বৰেণ্য' উন্মোচন কৰিছিল কৃষ্ণ ভূঞাই৷

দ্বিতীয়খন বঁটা প্ৰদান সভা অনুষ্ঠিত হৈছিল ১৯৯৭ চনৰ ১৫ ফেব্ৰুৱাৰীত, গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত৷ যোগেশ দাসে সভাপতিত্ব কৰা সভাখনত ১৯৯৫ চনৰ বঁটা প্ৰদান কৰিছিল উমাকান্ত শৰ্মাই৷ উক্ত সভাত দুখন গ্ৰন্থ নলিনীধৰ ভট্টাচাৰ্যই সম্পাদনা কৰা 'প্ৰসঙ্গ সমালোচনা' আৰু ডঃ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই সম্পাদনা কৰা 'সৃষ্টি ত্ৰিবিধা' উন্মোচন কৰিছিল ৰেৱতী মোহন দত্ত চৌধুৰী (শীলভদ্ৰ)য়ে৷

১৯৯৭ আৰু ১৯৯৮ চনৰ বঁটাসমূহ প্ৰদান কৰিছিল ভাৰতীয় ইংৰাজী সাহিত্য প্ৰখ্যাত কবি জয়ন্ত মহাপাত্ৰই৷ ১৯৯৯ চনৰ আগষ্ট মাহত গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল নলিনীধৰ ভট্টাচাৰ্যই আৰু যোৰহাটৰ যতীন গোস্বামীয়ে মুনীন বৰকটকীৰ স'তে থকা তেওঁৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰিছিল৷ ‘A Munin Barkotoki Miscellany’ নামৰ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰদ্বাৰা সম্পাদিত গ্ৰন্থখন উন্মোচন কৰা হৈছিল সভাখনত৷

১৯৯৯ আৰু ২০০০ চনৰ বঁটাসমূহ ২০০১ চনৰ ২৪ ফেব্ৰুৱাৰীত বিষু নিৰ্মলা ন্যাসৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হৈছিল৷ সত্যপ্ৰসাদ বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ মুখ্য অতিথি আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া৷ ৰাধিকামোহন ভাগৱতীয়ে মুনীন বৰকটকীৰ স'তে থকা তেওঁৰ ঘনিষ্ঠতাৰ বিষয়ে কৈছিল৷

মুনীন বৰকটকীৰ দশম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২০০৩ চনৰ পহিলা মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত ২০০১ আৰু ২০০২ চনৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই৷ গাম্ভীৰ্য্যপূৰ্ণ সভাখনত বঁটাসমূহ প্ৰদান কৰিছিল বিশিষ্ট লেখক তথা জ্ঞানপীঠ বঁটাপ্ৰাপক নিৰ্মল বাৰ্মাই৷ কবি বাৰ্মাই 'The relevance of art in our lives today' – এইবিষয়ে নিজৰ বক্তব্য আগবঢ়াইছিল৷ একেখন সভাতে নলিনীধৰ ভট্টাচাৰ্য্যকো সম্বৰ্ধনা জনোৱা হৈছিল৷

২০০৩ আৰু ২০০৪ চনৰ বঁটাসমূহ ২০০৫ চনৰ ১১ ফেব্ৰুৱাৰীতলক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হৈছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক কবীন ফুকনক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছিল আৰু তেখেতে'ভাষা আৰু সাহিত্য : অতীত, বৰ্তমান আৰু ভৱিষ্যৎ' এইবিষয়ে বক্তব্য প্ৰদান কৰিছিল৷ সভাখনত উপেন্দ্ৰ বৰকটকীৰদ্বাৰা সম্পাদিত 'প্ৰসঙ্গ : মুনীন বৰকটকী' নামৰ গ্ৰন্থখন উন্মোচন কৰা হৈছিল৷

২০০৫ আৰু ২০০৬ চনৰ বঁটাসমূহ প্ৰদান কৰা হৈছিল ২০০৭ চনৰ ১৭ মাৰ্চত লক্ষ্মীৰাম বৰুৱা সদনত৷ ডঃ বীৰেন্দ্ৰনাথ দত্তই সভাপতিত্ব কৰা সভাখনৰ নিৰ্দিষ্ট বক্তা আছিল ৰাধিকামোহন ভাগৱতী৷

২০০৭ আৰু ২০০৮ চনৰ বঁটাসমূহ ২০০৯ চনৰ ২১ ফেব্ৰৱাৰীত প্ৰথিতযশা কবি নীলমণি ফুকনৰ সভাপতিত্বত লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হৈছিল৷ অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাং মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত নিৰ্দিষ্ট বক্তা আছিল ডঃ তিলোত্তমা মিশ্ৰ৷ তেওঁ লেখক আৰু পঢ়ুৱৈ সমাজ বিষয়ত বক্তব্য প্ৰদান কৰিছিল৷ অৰিন্দম বৰকটকীয়েও পূৰ্বৰ কেইগৰাকীমান বঁটাপ্ৰাপকৰ লেখাৰ বিষয়ে মূল্যায়ন কৰি বক্তব্য আগবঢ়াইছিল৷

২০০৯ আৰু ২০১০ চনৰ বঁটাসমূহ ২০১১ চনৰ ৫ মাৰ্চত প্ৰদান কৰা হয়৷ প্ৰসিদ্ধ নাট্যকাৰ অৰুণ শৰ্মাই সভাপতিত্ব কৰা সভাখনত মণিপুৰী কবি তথা উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন নাংগমে 'Poetry in the time of terror' শীৰ্ষক বত্তৃতা প্ৰদান কৰে৷

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ২০১৩ চনৰ ৩ মাৰ্চত অনুষ্ঠিত ২০১১ আৰু ২০১২ চনৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে স্বনামধন্য সাহিত্যিক ডঃ নগেন শইকীয়াই৷ পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ বৰুৱাই মুখ্য অতিথিৰ আসন অলংকৃত কৰে৷

মুনীন বৰকটকীৰ জন্ম শতবৰ্ষ উদ্যাপনৰ অংশ হিচাপে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ২০১৫ চনৰ ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত ২০১৩ আৰু ২০১৪ চনৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে লোকসংস্কৃতিৰ বিশিষ্ট পণ্ডিত, কণ্ঠশিল্পী, অধ্যাপক বীৰেন্দ্ৰনাথ দত্তই৷ সভাত দুয়োটা বৰ্ষৰ প্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰে স্বনামধন্য কবি নীলমণি ফুকনে৷ এই সভাতে মুনীন বৰকটকী বঁটা বিজয়ী গ্ৰন্থ আৰু বিজেতাসকলৰ বিষয়ে এখনি গ্ৰন্থ 'মুনীন বৰকটকী বঁটা : গ্ৰন্থ আৰু প্ৰাপকসকল' উন্মোচন কৰে বিশিষ্ট কবি, সমালোচক, অধ্যাপক হীৰেন্দ্ৰ নাথ দত্তই৷

১১ মাৰ্চ ২০১৭ তাৰিখে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ২০১৫ আৰু ২০১৬ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰে বিশিষ্ট সাংবাদিক, লেখক, অনুবাদক, পদ্মশ্ৰী ধীৰেন্দ্ৰ নাথ বেজবৰুৱা দেৱে৷ সেই সভাত প্ৰসিদ্ধ সমাজবিজ্ঞানী আৰু বুদ্ধিজীৱী অধ্যাপক শিৱ বিশ্বনাথনে (অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্ছিটী, সোণেপাট, হাৰিয়ানা) প্ৰদান কৰে মুনীন বৰকটকী স্মাৰক বক্তৃতা৷

Gallery

  • Munin Barkotoki.

  • Critic Jyoti Khataniar receiving the award from D N Bezbaruah.

  • Poet Pritam Barua receiving the award.

  • Novelist Bhaskar Thakuria receiving the award.

  • Stuti Goswami moderating the programme.

  • Trustee Renuka Devi Barkataki welcoming the guests.

  • ditto.

  • Kushal Dutta reading out a citation.

  • A view of the packed audience.

  • Dr. Bibhash Chowdhury leading the interaction after the memorial lecture.

  • D.N.Bezbaruah delivering the Presidential Address.

  • Meenaxi Barkataki delivering the Vote of Thanks.

  • Another view of the audience.

  • Professor Shiv Vishvanathan delivering the Memorial Lecture.

  • The mandatory group photo...

Audio

মুনীন বৰকটকী স্মাৰক বক্তৃতা, ২০১৭ বক্তা : অধ্যাপক শিৱ বিশ্বনাথন বিষয় : লেখনক্ৰিয়াৰ দায়ৱদ্ধতা মূল ইংৰাজী বক্তৃতাৰ অসমীয়া ৰূপান্তৰ : স্তুতি গোস্বামী

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ৯ মাৰ্চ, ২০১৯ত গাম্ভীৰ্য্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ২০১৭ আৰু ২০১৮ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান অনুষ্ঠানটি৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰথিতযশা কাহিনীকাৰ নিৰুপমা বৰগোহাঞি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা৷সভাত বিশিষ্ট অতিথি অধ্যাপক শৰ্মাই প্ৰদান কৰে 'তেখেত আছিল এগৰাকী প্ৰকৃত মেন অব্ লেটাৰ্ছ’ শীৰ্ষক এটি বিশেষ বক্তৃতা৷ পঢ়ুৱৈসকলৰ বাবে ইয়াতে সেই বক্তৃতাটোৰ লিখিত ৰূপ সন্নিৱিষ্ট কৰা হ’ল৷

আনহাতে, বঁটা প্ৰদান অনুষ্ঠানৰে সংগতি ৰাখি ভূতপূৰ্ব মুনীন বৰকটকী বঁটা বিজয়ীৰ অংশগ্ৰহণেৰে আয়োজন কৰা হয় এটি বিশেষ সাহিত্যানুষ্ঠান— ‘কবিতাত গল্প, গল্পত কবিতা’৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, কাহিনীকাৰ, সমালোচক ডঃ মৌচুমী কন্দলীয়ে আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত বক্তা হিচাপে অংশগ্ৰহণ কৰে কবি অনুভৱ তুলসী, সমালোচক অৰিন্দম বৰকটকী আৰু গল্পকাৰ সঞ্জীৱ পল ডেকাই৷

Gallery

  • Upen Sarma playing floral tributes to Munin Barkotoki

  • Dalim Das receiving the award from Nirupama Borgohain

  • Debabhuson Borah receiving the award

  • The awardees

  • Asim Kaji moderating the programme

  • The audience

  • The audience

  • Kushal Dutta reading out the citation

  • Dalim Das giving his acceptance speech

  • Debabhuson Borah giving his acceptance speech

  • Upen Sarma addressing the gathering

  • Nirupama Borgohain addressing the gathering

  • Trustee Upen Barkataki giving the welcome speech

  • The Panel Discussion

প্ৰসিদ্ধ লেখক, সমালোচক, বুদ্ধিজীৱী অধ্যাপক হীৰেন গোহাঁয়ে ২০১৯ আৰু ২০২০ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা আনুষ্ঠানিকভাৱে বিজেতাসকলক প্ৰদান কৰে ৷ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত অধ্যাপক গোহাঁয়ে মুনীন বৰকটকীৰ বিষয়ে এটি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ৷ (বক্তৃতাটো শুনিবৰ বাবে ইয়াতে ক্লিক কৰক ৷) বঁটা প্ৰদানৰ উপৰি অধ্যাপক গোহাঁয়ে ২০১৯-২০ বৰ্ষৰ বঁটা বিজয়ী গ্ৰন্থকেইখনিও আনষ্ঠানিকভাৱে উন্মোচন কৰে ৷ আনহাতে, একেটা অনুষ্ঠানতে ২০২১ বৰ্ষৰ মুনীন বৰকটকী স্মাৰক বক্তৃতা প্ৰদান কৰে যশস্বী পাঞ্জাবী কবি, কলা সমালোচক, অনুবাদক, সাংবাদিক নিৰুপমা দত্তই৷ 'The poetics of protest in India' (ভাৰতত প্ৰতিবাদী কাব্যৰ বিকাশ ধাৰা) শীৰ্ষক এই ভাষণটি পৰৱৰ্তী কালত প্ৰকাশ পায় দেশৰ আগশাৰীৰ সংবাদ-পত্ৰ Hindustan Times-ত৷ ভাষণটো শুবিবৰ বাবে ইয়াতে ক্লিক কৰক আৰু সম্পূৰ্ণ অনুষ্ঠানটো দৰ্শনৰ বাবে ইয়াত ক্লিক কৰক ৷ সবিশেষ জানিবৰ বাবে ইয়াত ক্লিক কৰক

Gallery

  • Invitation Letter

  • Gohain Sir and Upendra Barkotoki paying floral tributes to the image of Munin Barkotoki

  • Upendra Barkotoki felicitating Gohain Sir

  • Meenaxi Barkotoki felicitating Nirupama Dutt

  • Meenaxi Barkotoki felicitating Nirupama Dutt

  • Upendra Barkotoki giving his welcome address

  • Meenaxi Barkotoki reading out the report of the activities of the Trust

  • The dignitaries on the dais

  • Meenaxi Barkotoki making her speech

  • Book release event of awardee Ankur Ranjan Phukan's book

  • Book release event of awardee Abhijit Bora's book

  • Kushal Dutta reading out the citation

  • Ankur Ranjan Phukan receiving his award

  • Ipshita Hazarika moderating the event

  • Awardee Ankur Ranjan Phukan addressing the gathering

  • Abhijit Bora receiving his award

  • Abhijit Bora saying a few words

  • Listening in rapt attention

  • Manoranjan Bori receiving his award

  • Manoranjan Bori receiving his award

  • Manoranjan Bori giving his speech

  • The three awardees with the dignitaries on stage

  • Gohain Sir addressing the gathering

  • Gohain Sir speaking about Munin Barkotoki

  • Nirupama Dutt delivering her invited lecture

  • Nirupama Dutt delivering her invited lecture

  • Nirupama Dutt interacting with the audience

  • Ipshita Hazarika giving the formal vote of thanks

  • A view of the audience

২০২৩ চনৰ ২৫ ফেৰুৱাৰীত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এটি গাম্ভীৰ্য্য়পূৰ্ণ অনুষ্ঠানত ২০২১ আৰু ২০২২ চনৰ বঁটা বিজেতা প্ৰদ্য়ুম্ন কুমাৰ গগৈ আৰু উপাসনা শইকীয়াক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে সভাৰ মুখ্য় অতিথি প্ৰসিদ্ধ সমালোচক, শিক্ষাবিদ, শংকৰদেৱ বিশেষজ্ঞ অধ্য়াপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে। অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় ‘কাব্য়াঞ্জলি’ শীৰ্ষক এটি আবৃত্তিৰ অনুষ্ঠানেৰে। মুনীন বৰকটকী স্মাৰক ন্য়াসৰ সৈতে জন্মলগ্নৰেপৰা জড়িত জ্ঞানপীঠ বিজেতা প্ৰসিদ্ধ কবি-কলা সমালোচক পদ্মশ্ৰী নীলমণি ফুকন আৰু প্ৰসিদ্ধ লেখক-সমালোচক, পণ্ডিত ডঃ শিৱনাথ বৰ্মনৰ স্মৃতিত ‘কাব্য়াঞ্জলি’ অনুষ্ঠানটিত কবিতা আবৃত্তি কৰে বিশিষ্ট আবৃত্তিকাৰ কীৰ্তি কমল ভূঞা, ইন্দ্ৰজিত দাস আৰু কাকলি বৰাই। বঁটা প্ৰদান কৰি মুখ্য় অতিথিৰ ভাষণত অধ্য়াপক দেৱ গোস্বামীয়ে তেখেতৰ তীক্ষ্নধী ভাষণেৰে সভাত সমৱেত আটাইকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। (অধ্য়াপক দেৱ গোস্বামীৰ বক্তৃতাটি ইয়াতে শুনিবলৈ পাব)। সভাত ২০২৩ বৰ্ষৰ মুনীন বৰকটকী স্মাৰক বক্তৃতা প্ৰদান কৰে দেশৰ এগৰাকী বিশিষ্ট লেখক-সাংবাদিক পদ্মশ্ৰী পেট্ৰিচিয়া মুখিমে। তেখেতে ‘The Power of Words’ শীৰ্ষক বিষয়ত এটি গুৰুত্বপূ্ৰ্ণ বক্তৃতা প্ৰদান কৰে।(বক্তা মুখিমৰ বক্তৃতাটি ইয়াতে শুনিবলৈ পাব)। সভাত ২০১৪ বৰ্ষৰ বঁটা বিজেতা প্ৰয়াত তুলিকা শইকীয়াৰ বুৰঞ্জীমূলক উপন্য়াস চাৰিশাল গোসাঁনীৰ তেজৰ মীনাক্ষী বৰকটকীয়ে কৰা অনুবাদ Wrath of the Goddess (প্ৰকাশকঃ ভৱানী বুকছ) আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

সমগ্ৰ অনুষ্ঠানটি দৰ্শনৰ বাবে ইয়াতে ক্লিক কৰক

Gallery