মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল

২০১১ বৰ্ষৰপৰা প্ৰৱৰ্তন কৰা সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ প্ৰাপকসকল (অসমীয়া ভাষা)ৰ সিংহভাগেই 'মুনীন বৰকটকী সাহিত্য বঁটা' বিজেতা৷ তেওঁলোক হ'ল :

লেখকৰ নামৰ বৰ্ণানুক্ৰমে

অজিৎ গগৈ : সেউজী সেউজী কাব্য বঁটা, ২০০৪ (সেউজী সেউজী আলোচনী); গণ সেৱা বঁটা, ২০১৪; ৰঘুনাথ চৌধাৰী বিশেষ বঁটা, ২০১৯৷

অনুভৱ তুলসী : 'এক্সেলেঞ্চ এৱাৰ্ড', ২০১৩ (অষ্টিন বিশ্ব কবিতা মহোৎসৱ); ছিনিয়ৰ ফেল'শ্বিপ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ); বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফেল’শ্বিপ (চলচ্চিত্ৰ বিষয়ক গৱেষণাৰ বাবে); অন্তৰ্লিপি সাহিত্য বঁটা, ২০১৬ (অন্তৰ্লিপি আলোচনী); সাহিত্য জ্যোতি বঁটা, ২০১৭, সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, ২০১৭ (অসম সাহিত্য সভা); পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৯; জমিৰুদ্দিন আহমদ বঁটা, ২০১৯ (নলবাৰী সাহিত্য সভা); অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, ২০২০ (অসম সাহিত্য সভা)৷

অপু ভৰদ্বাজ : চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী গল্প পুৰস্কাৰ (প্ৰথম স্থান), ২০০৫ (গৰীয়সী, সাহিত্য প্ৰকাশ)৷

অৰিন্দম বৰকটকী : যুৱ পুৰস্কাৰ, ২০১৪ (অনুশীলন সমালোচনা সংকলনৰ বাবে, সাহিত্য অকাডেমি); বেণু চিৰিং শ্ৰেষ্ঠ সাহিত্য সমালোচক বঁটা, ২০১৭-১৯ (সদৌ অসম কবি সন্মিলন)৷

অৰূপ কুমাৰ নাথ : পীতৰাম নাথ স্মাৰক শব্দকল্প যুৱ সাহিত্য বঁটা, ২০১৮ (শব্দকল্প, মৰিগাঁও সাহিত্য উৎসৱ)

কমল কুমাৰ তাঁতী : যুৱ পুৰস্কাৰ, ২০১২ (মাৰাংবুৰু আমাৰ পিতা কবিতা সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷

কুল শইকীয়া : ৰাষ্ট্ৰীয় কথা বঁটা, ২০০০ ('আৱৰ্ত' গল্পৰ বাবে); দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ (২০০২, ২০১০); আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্ছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটীত 'Fulbright Fellowship Program'-ত ‘সাম্প্ৰতিক নাটক আৰু পৰম্পৰাগত ভাৰতীয় কলাৰ গঠন’ বিষয়ত ভাষণ প্ৰদান (২০১০-২০১১); সাহিত্য অকাডেমি বঁটা, ২০১৫ (‘আকাশৰ ছবি আৰু অন্যান্য গল্প’); অসম আৰক্ষীৰ শীৰ্ষ পদ ‘আৰক্ষী সঞ্চালকপ্ৰধান’ হিচাপে কাৰ্য্যনিৰ্বাহ (২০১৮-১৯); অসম সাহিত্য সভাৰ সভাপতি (২০২০-২২); ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা, ২০২১৷

কুশল দত্ত : জুনিয়ৰ ফেল'শ্বিপ, ২০০২-০৪ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰ), কথামালিতা সাহিত্য সন্মান, ২০১১ (কথামালিতা আলোচনী); সৃজন সাহিত্য সন্মান, ২০১৩ (সৃজন সাহিত্য সম্মেলন, পশ্চিমবংগ); কবি প্ৰদীপ কুমাৰ বৰুৱা বঁটা, ২০২২ (অসম কবি সমাজ)৷

গংগামোহন মিলি : ৰাম গগৈ সোঁৱৰণী বঁটা, ২০০০ (সদৌ অসম কবি সন্মিলন); শব্দ বঁটা, ২০১০-১১ (শব্দ প্ৰকাশ), সেউজী সেউজী বঁটা, ২০১৯ (সেউজী সেউজী আলোচনী); স্বৰ্ণলিপি কাব্য বঁটা, ২০১৯ (স্বৰ্ণলিপি আলোচনী)৷

গীতালী বৰা : আধাৰশিলা ফেল’শ্বিপ, ২০০৯, (উপন্যাস ৰচনাৰ বাবে); হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০১৬ (‘নিৰৱধি নৈৰঞ্জনা’ গল্প সংকলনৰ বাবে); সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান, ২০১৭ (‘বুদ্ধজায়া’ উপন্যাসৰ বাবে, অসম সাহিত্য সভা)৷

ধ্ৰুৱজ্যোতি শৰ্মা : গৰীয়সী-কথা পুৰস্কাৰ, ২০০৩ (‘দ্বীপ' গল্পৰ বাবে); জুৰীৰ বিশেষ উল্লেখ, মাখন হাজৰিকা সোঁৱৰণী উপন্যাস প্ৰতিযোগিতা, ২০২২ (বনলতা)

বিজয় শংকৰ বৰ্মন : দেশৰ দহজন শ্ৰেষ্ঠ যুৱ লেখকৰ ভিতৰত এজন, ২০১০ (ইণ্ডিয়ান এক্সপ্ৰেছ); সাহিত্য অকাডেমি 'যুৱ পুৰস্কাৰ', ২০১৩ (অশোকাষ্টমী কাব্যগ্ৰন্থৰ বাবে); শব্দ যুৱ সাহিত্য বঁটা, ২০১৯ (শব্দ প্ৰকাশ), পাগলাদিয়া বঁটা, ২০২০-২১ (সেউজী সেউজী )

তুলিকা শইকীয়া : বছৰটোৰ বিশেষ ১০, ২০১৩ (বছৰটোৰ শ্ৰেষ্ঠ গ্ৰন্থ শিতানত ‘চাৰিশাল গোসাঁনীৰ তেজ’ উপন্যাসৰ বাবে, জীৱন ইনিচিয়েটিভ)৷

দিগন্ত ওজা : সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা (২০২১); শিশু সাহিত্য বঁটা, ২০২২ (সাহিত্য অকাডেমি)৷

বিতোপন বৰবৰা : প্ৰতিষ্ঠাপক মহোৎসৱ সঞ্চালক— চিনে আছা; জুৰী সদস্য— নৱম আন্তঃৰাষ্ট্ৰীয় মুম্বাই চলচ্চিত্ৰ মহোৎসৱ,২০০৭; FIPRESCI জুৰী সদস্য— ১৩শ পুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০০৮; FIPRESCI জুৰী সদস্য— ৩২ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১০; FIPRESCI জুৰী সদস্য— ৬৮ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱ, ২০১৫; FIPRESCI জুৰী সদস্য— ৩৯ সংখ্যক কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১৭৷ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ ছিনিয়ৰ ফেল’শ্বিপ (২০০১); অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা (২০১৫-১৬); পৰাগ দাস সোঁৱৰণী সাংবাদিকতা বঁটা (২০২০)।

ডাঃ ভৃংগেশ্বৰ শৰ্মা : মহানন্দ বৰুৱা-শশীপ্ৰভা বৰুৱা বঁটা (অসম সাহিত্য সভা); গিৰিধৰ শৰ্মা বঁটা (অসম সাহিত্য সভা)৷

মনালিছা শইকীয়া : দৈনিক অসম সাহিত্য বঁটা, ২০১৬ (‘শংখনিনাদ’ উপন্যাসৰ বাবে, আছাম ট্ৰিবিউন প্ৰাঃ লিঃ)৷

মণিকা দেৱী : যুৱ পুৰস্কাৰ, ২০১৪ (জহৰ-মহৰ গল্প সংকলনৰ বাবে, সাহিত্য অকাডেমি); পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা, ২০১৫; ‘সিঁহত দৌৰি গ’ল’ শীৰ্ষক গল্পৰ আধাৰক পৰিচালক সৃষ্টি শ্ৰেয়মদ্বাৰা একেনামৰ এখন চুটি ছবি নিৰ্মাণ৷

মণিকুন্তলা ভট্টাচাৰ্য্য : কলাগুৰু বিষুপ্ৰসাদ ৰাভা বঁটা, ২০০৮ (মই ডেচডিম'না হ'ব খোজো উপন্যাসৰ বাবে, অসম সাহিত্য সভা); ভৱানী শৰ্মা স্মাৰক শ্ৰেষ্ঠ গল্প গ্ৰন্থ বঁটা, ২০১০ (গল্প সংকলন বৰফৰ বেলিৰ বাবে); নাৰী শক্তি বঁটা, ২০১৭ (লায়ন্স ক্লাব); লেখিকা সমাৰোহ সাহিত্য বঁটা, ২০১৭ (সদৌ অসম লেখিকা সমাৰোহ সমিতি), শতবৰ্ষীয় সাহিত্য সন্মান, ২০১৭ (অসম সাহিত্য সভা); চৈয়দ আব্দুল মালিক সাহিত্য বঁটা, ২০১৮ (অসম সাহিত্য সভা); প্ৰাগ প্ৰেৰণা বঁটা, ২০২২ (প্ৰাগ নিউজ)৷

মনোজ বৰপূজাৰী : শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় স্বৰ্ণকমল বঁটা, ২০১২ (ডাইৰেক্টৰেট অব্ ফিল্ম ফেষ্টিভেলছ, ভাৰত চৰকাৰ); ট্ৰিনিডাডৰ ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত চলচ্চিত্ৰ সমালোচনা বিষয়ক চলচ্চিত্ৰ কৰ্মশালাৰ নিৰ্দশক (২০১২); দেশ-বিদেশৰ বহুকেইখন উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য৷

মুনীন বায়ন : প্রফুল্ল চন্দ্ৰ বৰুৱা বঁটা (২০১৯), জি এল আগৰৱালা সাংবাদিকতা বঁটা (২০২১); অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা, ২০২২ (যোৰহাট জিলা সাংবাদিক সংস্থা)৷

মৃদুল হালৈ : যুৱ পুৰস্কাৰ, ২০১৫ (অকলে আছোঁ কুশলে আছোঁ কবিতা সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷

মৌচুমী কন্দলী : ভাষা পৰিষদ বঁটা, ২০০৫ (ভাষা পৰিষদ, কলকাতা); একা এবং কয়েকজন সাহিত্য-সংস্কৃতি সন্মান, ২০০৭; লাডলী ছাউথ এছিয়ান মিডিয়া এণ্ড এডভাৰ্টাইজিং বঁটা, ২০২৩ (পপুলেচন ফাৰ্ষ্ট, মুম্বাই; দ্য ব্লেক মেজিক ৱ’মেন, ২০২২-ৰ বাবে)৷

ৰত্না ভৰালী তালুকদাৰ : এনএফআই নেচনেল মিডিয়া ফেল’শ্বিপ, ২০০৪-০৫, চিএচই ফেল’শ্বিপ, ২০০৫-০৬; চামেলী দেৱী জৈন আউটষ্টেণ্ডিং ৱ’মেন মিডিয়া পাৰ্ছন বঁটা ২০০৪-০৫; ৰামনাথ গোৱেংকা সাংবাদিকতা উৎকৰ্ষ বঁটা, ২০০৫; পেন’ছ ছাউথ-ইষ্ট এছিয়া, গুৱাহাটী ফেল’শ্বিপ, ২০০৭; টাটা-আৰজিভিএন ছিনিয়ৰ ফেল’শ্বিপ,২০০৭; ইউএনএইচচিআৰ। চেণ্টাৰ ফৰ নৰ্থ ইষ্ট এণ্ড পলিচী ৰিছাৰ্চ ফেল’শ্বিপ, ২০০৮; লাডলী মিডিয়া ৰাষ্ট্ৰীয় বঁটা, ২০০৯;ইনক্লুচিভ মিডিয়া ফেল’শ্বিপ, ২০১১; অক্ষয়পাত্ৰ, ওৱান ৱৰ্ল্ড মিডিয়া ফেল’শ্বিপ ২০১২; আইইউচিএন ইণ্ডিয়া-বাংলাদেশ ৱাটাৰ ডায়লগ ফেল’শ্বিপ, ২০১৩; একা এবং কয়েকজন সাহিত্য-সংস্কৃতি সন্মান, ২০১৫; পাৰী ফেল’শ্বিপ,২০১৬; ইণ্ডিয়া টুগেদাৰ ফেল’শ্বিপ,২০২০; লাডলী মিডিয়া ফেল’শ্বিপ, ২০২৩।

ৰশ্মিৰেখা বৰা : চন্দ্ৰপ্ৰভা বৰুৱা সোঁৱৰণী বঁটা, ২০০৯; জুনিয়ৰ ফেল'শ্বিপ, ২০১৩-১৪ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰ), ৰ’টাৰী পীচ ফেল’শ্বিপ, ২০১৫-১৭ (ৰ’টাৰী ইণ্টাৰনেচনেল)৷

ৰাজীৱ বৰুৱা : সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা (২০২০)৷

শৰ্মিষ্ঠা প্ৰীতম : গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী যুৱ সাহিত্যিক বঁটা, ২০১২ ('আত্মকথা' গ্ৰন্থৰ বাবে); কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিফ, ২০১৭ (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়); গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭; অক্লান্ত উত্তৰ পুৰুষ বঁটা, ২০২০; হোমেন বৰগোহাঞি সাহিত্য বঁটা (ৰং উপন্যাসৰ বাবে); ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা, ২০২১; লাৱণ্য শইকীয়া সোঁৱৰণী ভিউফাইণ্ডাৰ বঁটা, ২০২৩ (ভিউফাইণ্ডাৰ, নগাঁও)৷

শিৱানন্দ কাকতি : অসমীয়া ভাষাৰ শ্ৰেষ্ঠ্ নাটক (দুঃসময়-সময়)ৰ বাবে ৰাষ্ট্ৰীয় অনাতাঁৰ বঁটা (১৯৯২); ৰাষ্ট্ৰীয় কথা বঁটা, ২০০৫ (জলছবিত শেষ সাঁজ গল্পৰ বাবে); শতবৰ্ষীয় সাহিত্য সন্মান, ২০১৭ (অসম সাহিত্য সভা); অন্য যুগ সাহিত্য সন্মান (২০২১)৷

সঞ্জীৱ পল ডেকা : নৰ্থ-ইষ্ট ফাউণ্ডেচন বঁটা, ২০১২ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, নৰ্থ-ইষ্ট ফাউণ্ডেচন); যুৱ বঁটা, ২০১৫-১৬ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, ভাৰতীয় ভাষা পৰিষদ); যুৱ পুৰস্কাৰ, ২০১৯ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷