১৯৩০ চনত লিখিত ‘কনফেছনছ’ শীৰ্ষক সুদীৰ্ঘ আলোকসন্ধানী ৰচনাখন হ’ল মুনীন বৰকটকীৰ সাহিত্য জীৱনৰ প্ৰাৰম্ভিক সাহিত্যকৃতিৰ অন্যতম৷ ‘কনফেছনছ’ক অসমীয়া ৰম্য ৰচনা সাহিত্যৰো এখনি শ্ৰেষ্ঠ ৰচনা হিচাপ গণ্য কৰা হয়৷ ৰচনাখন প্ৰকাশ পাইছিল ১৯৩০ৰ মাজ ভাগৰ ‘আৱাহন’ৰ এটা সংখ্যাত৷ সম্পূৰ্ণ ৰচনাখন এইটো লিংকত পাব৷
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাক উদগনি যোগাবলৈ মুনীন বৰকটকীয়ে প্ৰায় নিয়মীয়াকৈ তেওঁলোকৰ লেখা পঢ়ি তেওঁলোকলৈ প’ষ্টকাৰ্ডযোগে মতামত প্ৰেৰণ কৰিছিল৷ইয়াৰে বহুতৰে ব্যক্তিগতভাৱে এনেকি কোনো চিনা-পৰিচয়ো নাছিল তেখেতৰ স’তে৷তদুপৰি তেখেতে তেখেতৰ বন্ধু মহলৰ সৈতেও চিঠি-পত্ৰ আৰু প’ষ্টকাৰ্ডযোগেই নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলিছিল, বিশেষকৈ তেখেত দিল্লীত থকাৰ সময়ছোৱাত৷ এই ভিডিঅ’টোত , উপেন্দ্ৰনাথ বৰকটকীদেৱে তেওঁলৈ মুনীন বৰকটকীয়ে লিখা কিছুসংখ্যক চিঠিৰ পাঠ আছে৷ উপেন বৰকটকী আছিল মুনীন বৰকটকীৰ আটাইতকৈ ঘনিষ্ঠসকলৰ অন্যতম৷আৰ্হি হিচাপে ভিডিঅ’টোত মুনীন বৰকটকীৰ পঠন-দুৰ্বোধ্য আৰু অস্পষ্ট হাতৰ আখৰৰ এখন চিঠি সন্নিৱিষ্ট কৰা হ’ল৷