৯১৫ চনৰ অক্টোবৰ মাহত কাতি বিহুৰ দিনা যোৰহাটত মুনীন বৰকটকীৰ জন্ম হৈছিল৷ সেইসময়ৰ বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শক ৰায়চাহাব দুৰ্গাধৰ বৰকটকী আৰু কমলিনী দেৱীৰ তেওঁ আছিল কনিষ্ঠ পুত্ৰ৷ কমলিনী দেৱী আছিল ঊনবিংশ শতিকাত অসমীয়া গদ্য সাহিত্যৰ বিকাশৰ আৰম্ভণিপৰ্বৰ গুৰুত্বপূৰ্ণ কীৰ্তি 'সুধৰ্মাৰ উপাখ্যান' (১৮৮৪) খ্যাত পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৭) ৰ কন্যা৷
মাকৰ ফালৰপৰা মুনীন বৰকটকীৰ আজোককাক আছিল আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৫৯)৷ ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁৰ আজো-আজোককাক আছিল হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২)৷ আহোম ৰাজত্বকালত তেওঁ শুল্ক বিভাগৰ এটা গুৰুত্বপূৰ্ণ পদবীত হাদিৰাচকীত কাৰ্যনিৰ্বাহ কৰিছিল৷ সেইসময়ৰ ৰাজহ পদ্ধতিৰ পৰিচালনা আৰু অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাস সম্পৰ্কে তেওঁৰ বিশদ জ্ঞান আছিল আৰু তাৰদ্বাৰাই তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াবৰ্গৰ উচ্চ সমাদৰ লাভ কৰিছিল৷
মুনীন বৰকটকীৰ ককায়েক আছিল সত্যেন বৰকটকী৷ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু কৰ্মজীৱনতো নিজৰ পাৰদৰ্শিতা অন্তিমটো পদবীতো প্ৰমাণ কৰিছিল৷ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে তেওঁ নিজৰ দক্ষতাৰ প্ৰমাণ দিছিল৷ তেওঁৰ ‘Escapades of a Magistrate’ (১৯৬১) নামৰ পুথিখন সম্ভৱতঃ এগৰাকী অসমীয়া লেখকে ইংৰাজীত লিখা এইধৰণৰ প্ৰথম পুথি৷ সত্যেন বৰকটকী বিষয়ে সবিশেষ জানিবৰ বাবে সত্যেন বৰকটকীৰ জীৱন আৰু কৃতিত্ব চাওক
ওপৰৰ সোঁফালৰ ফটোখনত মুনীন বৰকটাকী আৰু তেওঁৰ তিনিগৰাকী সহোদৰꟷ সত্যেন, প্ৰেমলতা আৰু প্ৰীতিলতাক দেখা গৈছে। তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়ে অধিক জানিবৰ বাবে ইয়াতে ক্লিক্ কৰক।
১৯৫৯ চনত মুনীন বৰকটকীয়ে ৰেণুকা দেৱী বৰকটকীক বিয়া কৰায়৷ ৰেণুকা দেৱী এগৰাকী লেখত ল'বলগীয়া ৰাজনীতিবিদ আৰু সমাজকৰ্মী আছিল৷ ১৯৬২ আৰু ১৯৭৭ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল৷ দ্বিতীয়বাৰ মোৰাৰ্জী দেশাইৰ জনতা পাৰ্টীৰ মন্ত্ৰীসভাত তেওঁক শিক্ষা, সংস্কৃতি আৰু সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ ২০১৭ চনৰ ১৪ আগষ্টত তেখেতৰ দেহাৱসান ঘটে। বিনয় মোহন শইকীয়াই ৰচনা কৰা ৰেণুকা দেৱী বৰকটকীৰ সংক্ষিপ্ত জীৱনী ৰেণুকা দেৱী বৰকটকী : জীৱন আৰু কৃতি ৰ বাবে ইয়াতে ক্লিক কৰক৷ গ্ৰন্থখনিৰ বিস্তাৰিত ইংৰাজী সংস্কৰণ শীঘ্ৰেই প্ৰকাশ পাব৷
তেওঁৰ সবাতোকৈ ঘনিষ্ঠ বন্ধুসকলৰ ভিতৰত গল্পকাৰ কৃষ্ণ ভূঞা, জ্ঞানদা শৰ্মা আৰু ললিত হাজৰিকা (ডিব্ৰুগড়)ৰ নাম উল্লেখযোগ্য৷ বয়সত কনিষ্ঠ হ'লেও বৰ্তমানৰ প্ৰথিতযশা কবি নীলমণি ফুকন, নাট্যকাৰ অৰুণ শৰ্মা আৰু প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইৰ লগত তেওঁৰ অন্তৰংগতা আছিল৷ তেওঁৰ ঘনিষ্ঠতম ব্যক্তিজন বোধহয় লামডিং মহাবিদ্যালয়ৰ অসমীয়াৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ বৰকটকী ৷
Gyanada Sharma
Lalit Hazarika
Krishna Bhuyan
(১৯৯৮ চনত গুৱাহাটীৰ 'বুক হাইভ'ৰদ্বাৰা প্ৰকাশিত ‘A Munin Barkotoki Miscellany’-ৰ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ 'Foreword'-ৰ সহায় লৈ)