মুনীন বৰকটকীৰ বিষয়ে বিনয় মোহন শইকীয়া ৰচিত সংক্ষিপ্ত অসমীয়া জীৱনী গ্ৰন্থখনৰ বাবে ইয়াতে ক্লিক কৰক ৷
২০২১ বৰ্ষৰ ৰ্বঁটা প্ৰদান অনুষ্ঠানত অধ্য়াপক হীৰেন গোহাঁয়ে প্ৰদান কৰা অভিভাষণ (স্ব-হস্তাক্ষৰত)
যশস্বী লেখক, চলচ্চিত্ৰ পৰিচালক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আছিল ২০০১ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান (২৪-০২-২০০১)ৰ মুখ্য অতিথি৷ সংলগ্ন অংশটো তেওঁৰ ডায়েৰীৰপৰা উদ্ধৃত৷ পূৰ্ব প্ৰকাশ— প্ৰান্তিক, ১৬-২৮ ফেব্ৰুৱাৰী, ২০২১
মুনীন বৰকটকীৰ ১০৫ বছৰীয়া জয়ন্তী উপলক্ষে ১৭ অক্টোবৰ ২০২০ত পাঁচখন কাকতত প্ৰকাশিত সমালোচক, পূৰ্বৰ বঁটা বিজয়ী জ্যোতি খাটনিয়াৰৰ পাঁচটা বিশেষ লেখা ৷
শেহতীয়াকৈ প্ৰকাশ পাইছে মুনীন বৰকটকীৰ জীৱন আৰু দিনপঞ্জী আধাৰিত শিশিৰ বসুমতাৰীৰ গ্ৰাফিক উপন্যাস The Real Mr. Barkotoki
যোৱা ৭ নৱেম্বৰ (২০১৯)ত উত্তৰ-পূব গ্ৰন্থমেলাত আয়োজিত এটি অনুষ্ঠানত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্তই। আনহাতে, গ্ৰন্থখনিক লৈ নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ'ৰামৰ উদ্যোগত ফ'ৰামৰ কাৰ্য্যালয়ত ৮ নৱেম্বৰত এটি অন্তৰংগ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়।
২০১৭-১৮ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান অনুষ্ঠানটি গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ৯ মাৰ্চ, ২০১৯ত গাম্ভীৰ্য্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লেখক, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মাই প্ৰদান কৰে 'তেখেত আছিল এগৰাকী প্ৰকৃত মেন অব্ লেটাৰ্ছ’ শীৰ্ষক এটি বিশেষ বক্তৃতা৷ পঢ়ুৱৈসকলৰ বাবে ইয়াতে সেই বক্তৃতাটোৰ লিখিত ৰূপ সন্নিৱিষ্ট কৰা হ’ল৷
মুনীন বৰকটকীৰ জন্ম শতবৰ্ষৰ অংশ হিচাপে [‘অপ্ৰকাশৰ বেদনা : মুনীন বৰকটকীৰ পৃথিৱী’ ] ‘Living in the Mind: the world of Munin Barkotoki’ শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মান কৰি উলিওৱা হয়৷ ৫৭ মিনিট দৈৰ্ঘ্যৰ জীৱনী-চিত্ৰখনি পৰিচালনা কৰিছে প্ৰবীণ হাজৰিকাই আৰু নামভূমিকাত অভিনয় কৰিছে ৰূপম বৰুৱাই৷
জীৱনী-চিত্ৰখনিৰ নিৰ্মাণ পৰ্বত মুনীন বৰকটকীৰ জীৱন আৰু কৃতি বিষয়ক সমকালীন অসমৰ বহুকেইগৰাকী লেখক-সাংবাদিক-বুদ্ধিজীৱীৰ লগতে পৰিয়ালৰ সদস্যৰো সাক্ষাৎ গ্ৰহণ কৰা হৈছিল৷
লেখক-বুদ্ধিজীৱী-অধ্যাপক হীৰেন গোহাঁইৰ সাক্ষাৎকাৰ (গুৱাহাটী, ১২-০৪-২০১৪)
নাট্যকাৰ-ঔপন্যাসিক-শিল্পী অৰুণ শৰ্মাৰ সাক্ষাৎকাৰ (গুৱাহাটী, ১২-০৪-২০১৪)
কবি-শিল্প সমালোচক-অধ্যাপক নীলমণি ফুকনৰ সাক্ষাৎকাৰ দুটা খণ্ডত; ক আৰূ খ (গুৱাহাটী, ১২-০৪-২০১৪)
লেখক-সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ সাক্ষাৎকাৰ (গুৱাহাটী, ২৬-০৬-২০১৪)
সমালোচক-অধ্যাপক প্ৰভাত বৰাৰ সাক্ষাৎকাৰ (নগাঁও, ৮-০৭-২০১৪)
লেখক-অধ্যাপক উপেন্দ্ৰ নাথ বৰকটকীৰ সাক্ষাৎকাৰ (নগাঁও, ৮-০৭-২০১৪)
মুনীন বৰকটকীৰ পত্নী-ৰাজনীতিবিদ ৰেণুকাদেৱী বৰকটকীৰ সাক্ষাৎকাৰ (গুৱাহাটী, ১২-০৪-২০১৪)
মুনীন বৰকটকীৰ ভাগিনীয়েক-লেখিকা চন্দ্ৰপ্ৰভা ভট্টাচাৰ্য্য (অকণি)ৰ সাক্ষাৎকাৰ (যোৰহাট, ০৯-০৭-২০১৪)
মুনীন বৰকটকীৰ ভাগিন-লেখক প্ৰবীণ শৰ্মা (হাবুল)ৰ সাক্ষাৎকাৰ (গুৱাহাটী, ২৬-০৬-২০১৪)
মুনীন বৰকটকীৰ জীয়াৰী-লেখিকা-গৱেষিকা মীনাক্ষী বৰকটকী-ৰুচ্ছেৱেঃ-ৰ সাক্ষাৎকাৰ (গুৱাহাটী, ২৬-০৬-২০১৪)
শ্ৰদ্ধাঞ্জলি - হেমচন্দ্ৰ শৰ্মা
শ্ৰদ্ধাঞ্জলি - কনক চন্দ্ৰ ডেকা
শ্ৰদ্ধাঞ্জলি - গোপাল চন্দ্ৰ বৰুৱা