২০২৫ চনত মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ স’তে জড়িত বিষয়বস্তুৰ আধাৰত উচ্চমানৰ, সময় নিৰ্দিষ্ট অসমীয়া বা ইংৰাজী ভাষাত গৱেষণা গ্ৰন্থৰ পাণ্ডুলিপি লিখনৰ বাবে প্ৰতিষ্ঠা কৰে মুনীন বৰকটকী লিখন ফেল’শ্বিপ৷ সেই অনুসৰি ৫০ বছৰৰ তলৰ ভাৰতীয় নাগৰিকৰ বাবে বছৰি তিনিটা পৰ্য্যন্ত ফেল’শ্বিপ প্ৰদান কৰা হ’ব। প্ৰতিটো ফেল’শ্বিপত সৰ্বাধিক ডেৰ বছৰৰ পৰিসৰত চাৰিটা কিস্তিত সমানে ভগাই ১,২০,০০০ টকা প্ৰদান কৰা হ’ব৷
মুনীন বৰকটকী লিখন ফেল’শ্বিপৰ নিৰ্দেশাৱলীৰ বাবে ইয়াতে ক্লিক কৰক ।
২০২৫ বৰ্ষৰ প্ৰথম দুটা মুনীন বৰকটকী লিখন ফেল’শ্বিপ আগবঢ়োৱা হৈছে ক্ৰমে ডঃ মেঘনা চৌধুৰী আৰু অৰূপ শাণ্ডিল্যলৈ তেওঁলোকৰ প্ৰস্তাৱিত গৱেষণা গ্ৰন্থ ‘Elephants of Assam: Culture, Ecology and Collective Memory’ (ইংৰাজী) আৰু ‘অসমৰ কৃষি, সংস্কৃতি আৰু পৰম্পৰা’ (অসমীয়া)লৈ৷