স্মাৰক সভা

প্ৰথমখন স্মাৰক সভা অনুষ্ঠিত হৈছিল ১৯৯৪ চনৰ ৬ নৱেম্বৰত, মুনীন বৰকটকীৰ প্ৰথম মৃত্যু দিৱসত৷ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰিছিল প্ৰথিতযশা সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, অধ্যাপক হীৰেন গোহাঁই, অধ্যাপক অজিত শৰ্মা, অধ্যাপক হেৰম্ব বৰপূজাৰী আৰু বিজয় চন্দ্ৰ ভাগৱতীয়ে৷ উপেন্দ্ৰ বৰকটকীৰদ্বাৰা সম্পাদিত 'বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী' গ্ৰন্থখন সেই সভাতেই উন্মোচন কৰা হৈছিল৷