মুনীন বৰকটকী সাহিত্য বঁটাপ্ৰাপকসকলৰ অন্যান্য কৃতিত্ব

১৯৯৫ বৰ্ষৰপৰা প্ৰদত্ত ‘মুনীন বৰকটকী সাহিত্য বঁটা’ প্ৰাপকসকলে বিভিন্ন সময়ত অন্যান্য বহু বিশিষ্ট সন্মান তথা কৃতিত্ব অৰ্জন কৰা দেখা গৈছে৷ তাৰে প্ৰাপ্ত তথ্যৰ আধাৰত কিছু খবৰ ইয়াতে সংযোগ কৰা হ’ল৷

২০১৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা কুল শইকীয়া (১৯৯৮ চনৰ 'মুনীন বৰকটকী বঁটা' বিজেতা), সাহিত্য অকাডেমিৰ তেতিয়াৰ সভাপতি বিশ্বনাথ প্ৰসাদ তিৱাৰীৰপৰা বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত

২০১১ বৰ্ষৰপৰা প্ৰৱৰ্তন কৰা সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ প্ৰাপকসকল (অসমীয়া ভাষা)ৰ সিংহভাগেই 'মুনীন বৰকটকী সাহিত্য বঁটা' বিজেতা৷ তেওঁলোক হ'ল :

লেখকৰ নামৰ বৰ্ণানুক্ৰমে

অজিৎ গগৈ : সেউজী সেউজী কাব্য বঁটা, ২০০৪ (সেউজী সেউজী আলোচনী); গণ সেৱা বঁটা, ২০১৪; ৰঘুনাথ চৌধাৰী বিশেষ বঁটা, ২০১৯৷

অনুভৱ তুলসী : 'এক্সেলেঞ্চ এৱাৰ্ড', ২০১৩ (অষ্টিন বিশ্ব কবিতা মহোৎসৱ); ছিনিয়ৰ ফেল'শ্বিপ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ); বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফেল’শ্বিপ (চলচ্চিত্ৰ বিষয়ক গৱেষণাৰ বাবে); অন্তৰ্লিপি সাহিত্য বঁটা, ২০১৬ (অন্তৰ্লিপি আলোচনী); সাহিত্য জ্যোতি বঁটা, ২০১৭, সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, ২০১৭ (অসম সাহিত্য সভা); পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৯; জমিৰুদ্দিন আহমদ বঁটা, ২০১৯ (নলবাৰী সাহিত্য সভা); অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, ২০২০ (অসম সাহিত্য সভা)৷

অপু ভৰদ্বাজ : চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী গল্প পুৰস্কাৰ (প্ৰথম স্থান), ২০০৫ (গৰীয়সী, সাহিত্য প্ৰকাশ)৷

অৰিন্দম বৰকটকী : যুৱ পুৰস্কাৰ, ২০১৪ (অনুশীলন সমালোচনা সংকলনৰ বাবে, সাহিত্য অকাডেমি); বেণু চিৰিং শ্ৰেষ্ঠ সাহিত্য সমালোচক বঁটা, ২০১৭-১৯ (সদৌ অসম কবি সন্মিলন)৷

অৰূপ কুমাৰ নাথ : পীতৰাম নাথ স্মাৰক শব্দকল্প যুৱ সাহিত্য বঁটা, ২০১৮ (শব্দকল্প, মৰিগাঁও সাহিত্য উৎসৱ)

কমল কুমাৰ তাঁতী : যুৱ পুৰস্কাৰ, ২০১২ (মাৰাংবুৰু আমাৰ পিতা কবিতা সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷

কুল শইকীয়া : ৰাষ্ট্ৰীয় কথা বঁটা, ২০০০ ('আৱৰ্ত' গল্পৰ বাবে); দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ (২০০২, ২০১০); আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্ছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটীত 'Fulbright Fellowship Program'-ত ‘সাম্প্ৰতিক নাটক আৰু পৰম্পৰাগত ভাৰতীয় কলাৰ গঠন’ বিষয়ত ভাষণ প্ৰদান (২০১০-২০১১); সাহিত্য অকাডেমি বঁটা, ২০১৫ (‘আকাশৰ ছবি আৰু অন্যান্য গল্প’); অসম আৰক্ষীৰ শীৰ্ষ পদ ‘আৰক্ষী সঞ্চালকপ্ৰধান’ হিচাপে কাৰ্য্যনিৰ্বাহ (২০১৮-১৯); অসম সাহিত্য সভাৰ সভাপতি (২০২০-২২); ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা, ২০২১৷

কুশল দত্ত : জুনিয়ৰ ফেল'শ্বিপ, ২০০২-০৪ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰ), কথামালিতা সাহিত্য সন্মান, ২০১১ (কথামালিতা আলোচনী); সৃজন সাহিত্য সন্মান, ২০১৩ (সৃজন সাহিত্য সম্মেলন, পশ্চিমবংগ); কবি প্ৰদীপ কুমাৰ বৰুৱা বঁটা, ২০২২ (অসম কবি সমাজ)৷

গংগামোহন মিলি : ৰাম গগৈ সোঁৱৰণী বঁটা, ২০০০ (সদৌ অসম কবি সন্মিলন); শব্দ বঁটা, ২০১০-১১ (শব্দ প্ৰকাশ), সেউজী সেউজী বঁটা, ২০১৯ (সেউজী সেউজী আলোচনী); স্বৰ্ণলিপি কাব্য বঁটা, ২০১৯ (স্বৰ্ণলিপি আলোচনী)৷

গীতালী বৰা : আধাৰশিলা ফেল’শ্বিপ, ২০০৯, (উপন্যাস ৰচনাৰ বাবে); হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০১৬ (‘নিৰৱধি নৈৰঞ্জনা’ গল্প সংকলনৰ বাবে); সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান, ২০১৭ (‘বুদ্ধজায়া’ উপন্যাসৰ বাবে, অসম সাহিত্য সভা)৷

ধ্ৰুৱজ্যোতি শৰ্মা : গৰীয়সী-কথা পুৰস্কাৰ, ২০০৩ (‘দ্বীপ' গল্পৰ বাবে); জুৰীৰ বিশেষ উল্লেখ, মাখন হাজৰিকা সোঁৱৰণী উপন্যাস প্ৰতিযোগিতা, ২০২২ (বনলতা)

বিজয় শংকৰ বৰ্মন : দেশৰ দহজন শ্ৰেষ্ঠ যুৱ লেখকৰ ভিতৰত এজন, ২০১০ (ইণ্ডিয়ান এক্সপ্ৰেছ); সাহিত্য অকাডেমি 'যুৱ পুৰস্কাৰ', ২০১৩ (অশোকাষ্টমী কাব্যগ্ৰন্থৰ বাবে); শব্দ যুৱ সাহিত্য বঁটা, ২০১৯ (শব্দ প্ৰকাশ), পাগলাদিয়া বঁটা, ২০২০-২১ (সেউজী সেউজী )

তুলিকা শইকীয়া : বছৰটোৰ বিশেষ ১০, ২০১৩ (বছৰটোৰ শ্ৰেষ্ঠ গ্ৰন্থ শিতানত ‘চাৰিশাল গোসাঁনীৰ তেজ’ উপন্যাসৰ বাবে, জীৱন ইনিচিয়েটিভ)৷

দিগন্ত ওজা : সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা (২০২১); শিশু সাহিত্য বঁটা, ২০২২ (সাহিত্য অকাডেমি)৷

বিতোপন বৰবৰা : প্ৰতিষ্ঠাপক মহোৎসৱ সঞ্চালক— চিনে আছা; জুৰী সদস্য— নৱম আন্তঃৰাষ্ট্ৰীয় মুম্বাই চলচ্চিত্ৰ মহোৎসৱ,২০০৭; FIPRESCI জুৰী সদস্য— ১৩শ পুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০০৮; FIPRESCI জুৰী সদস্য— ৩২ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১০; FIPRESCI জুৰী সদস্য— ৬৮ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱ, ২০১৫; FIPRESCI জুৰী সদস্য— ৩৯ সংখ্যক কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১৭৷ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ ছিনিয়ৰ ফেল’শ্বিপ (২০০১); অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা (২০১৫-১৬); পৰাগ দাস সোঁৱৰণী সাংবাদিকতা বঁটা (২০২০)।

ডাঃ ভৃংগেশ্বৰ শৰ্মা : মহানন্দ বৰুৱা-শশীপ্ৰভা বৰুৱা বঁটা (অসম সাহিত্য সভা); গিৰিধৰ শৰ্মা বঁটা (অসম সাহিত্য সভা)৷

মনালিছা শইকীয়া : দৈনিক অসম সাহিত্য বঁটা, ২০১৬ (‘শংখনিনাদ’ উপন্যাসৰ বাবে, আছাম ট্ৰিবিউন প্ৰাঃ লিঃ)৷

মণিকা দেৱী : যুৱ পুৰস্কাৰ, ২০১৪ (জহৰ-মহৰ গল্প সংকলনৰ বাবে, সাহিত্য অকাডেমি); পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা, ২০১৫; ‘সিঁহত দৌৰি গ’ল’ শীৰ্ষক গল্পৰ আধাৰক পৰিচালক সৃষ্টি শ্ৰেয়মদ্বাৰা একেনামৰ এখন চুটি ছবি নিৰ্মাণ৷

মণিকুন্তলা ভট্টাচাৰ্য্য : কলাগুৰু বিষুপ্ৰসাদ ৰাভা বঁটা, ২০০৮ (মই ডেচডিম'না হ'ব খোজো উপন্যাসৰ বাবে, অসম সাহিত্য সভা); ভৱানী শৰ্মা স্মাৰক শ্ৰেষ্ঠ গল্প গ্ৰন্থ বঁটা, ২০১০ (গল্প সংকলন বৰফৰ বেলিৰ বাবে); নাৰী শক্তি বঁটা, ২০১৭ (লায়ন্স ক্লাব); লেখিকা সমাৰোহ সাহিত্য বঁটা, ২০১৭ (সদৌ অসম লেখিকা সমাৰোহ সমিতি), শতবৰ্ষীয় সাহিত্য সন্মান, ২০১৭ (অসম সাহিত্য সভা); চৈয়দ আব্দুল মালিক সাহিত্য বঁটা, ২০১৮ (অসম সাহিত্য সভা); প্ৰাগ প্ৰেৰণা বঁটা, ২০২২ (প্ৰাগ নিউজ)৷

মনোজ বৰপূজাৰী : শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় স্বৰ্ণকমল বঁটা, ২০১২ (ডাইৰেক্টৰেট অব্ ফিল্ম ফেষ্টিভেলছ, ভাৰত চৰকাৰ); ট্ৰিনিডাডৰ ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত চলচ্চিত্ৰ সমালোচনা বিষয়ক চলচ্চিত্ৰ কৰ্মশালাৰ নিৰ্দশক (২০১২); দেশ-বিদেশৰ বহুকেইখন উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য৷

মুনীন বায়ন : প্রফুল্ল চন্দ্ৰ বৰুৱা বঁটা (২০১৯), জি এল আগৰৱালা সাংবাদিকতা বঁটা (২০২১); অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা, ২০২২ (যোৰহাট জিলা সাংবাদিক সংস্থা)৷

মৃদুল হালৈ : যুৱ পুৰস্কাৰ, ২০১৫ (অকলে আছোঁ কুশলে আছোঁ কবিতা সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷

মৌচুমী কন্দলী : ভাষা পৰিষদ বঁটা, ২০০৫ (ভাষা পৰিষদ, কলকাতা); একা এবং কয়েকজন সাহিত্য-সংস্কৃতি সন্মান, ২০০৭; লাডলী ছাউথ এছিয়ান মিডিয়া এণ্ড এডভাৰ্টাইজিং বঁটা, ২০২৩ (পপুলেচন ফাৰ্ষ্ট, মুম্বাই; দ্য ব্লেক মেজিক ৱ’মেন, ২০২২-ৰ বাবে)৷

ৰত্না ভৰালী তালুকদাৰ : এনএফআই নেচনেল মিডিয়া ফেল’শ্বিপ, ২০০৪-০৫, চিএচই ফেল’শ্বিপ, ২০০৫-০৬; চামেলী দেৱী জৈন আউটষ্টেণ্ডিং ৱ’মেন মিডিয়া পাৰ্ছন বঁটা ২০০৪-০৫; ৰামনাথ গোৱেংকা সাংবাদিকতা উৎকৰ্ষ বঁটা, ২০০৫; পেন’ছ ছাউথ-ইষ্ট এছিয়া, গুৱাহাটী ফেল’শ্বিপ, ২০০৭; টাটা-আৰজিভিএন ছিনিয়ৰ ফেল’শ্বিপ,২০০৭; ইউএনএইচচিআৰ। চেণ্টাৰ ফৰ নৰ্থ ইষ্ট এণ্ড পলিচী ৰিছাৰ্চ ফেল’শ্বিপ, ২০০৮; লাডলী মিডিয়া ৰাষ্ট্ৰীয় বঁটা, ২০০৯;ইনক্লুচিভ মিডিয়া ফেল’শ্বিপ, ২০১১; অক্ষয়পাত্ৰ, ওৱান ৱৰ্ল্ড মিডিয়া ফেল’শ্বিপ ২০১২; আইইউচিএন ইণ্ডিয়া-বাংলাদেশ ৱাটাৰ ডায়লগ ফেল’শ্বিপ, ২০১৩; একা এবং কয়েকজন সাহিত্য-সংস্কৃতি সন্মান, ২০১৫; পাৰী ফেল’শ্বিপ,২০১৬; ইণ্ডিয়া টুগেদাৰ ফেল’শ্বিপ,২০২০; লাডলী মিডিয়া ফেল’শ্বিপ, ২০২৩।

ৰশ্মিৰেখা বৰা : চন্দ্ৰপ্ৰভা বৰুৱা সোঁৱৰণী বঁটা, ২০০৯; জুনিয়ৰ ফেল'শ্বিপ, ২০১৩-১৪ (সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰ), ৰ’টাৰী পীচ ফেল’শ্বিপ, ২০১৫-১৭ (ৰ’টাৰী ইণ্টাৰনেচনেল)৷

ৰাজীৱ বৰুৱা : সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা (২০২০)৷

শৰ্মিষ্ঠা প্ৰীতম : গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী যুৱ সাহিত্যিক বঁটা, ২০১২ ('আত্মকথা' গ্ৰন্থৰ বাবে); কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিফ, ২০১৭ (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়); গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭; অক্লান্ত উত্তৰ পুৰুষ বঁটা, ২০২০; হোমেন বৰগোহাঞি সাহিত্য বঁটা (ৰং উপন্যাসৰ বাবে); ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা, ২০২১; লাৱণ্য শইকীয়া সোঁৱৰণী ভিউফাইণ্ডাৰ বঁটা, ২০২৩ (ভিউফাইণ্ডাৰ, নগাঁও)৷

শিৱানন্দ কাকতি : অসমীয়া ভাষাৰ শ্ৰেষ্ঠ্ নাটক (দুঃসময়-সময়)ৰ বাবে ৰাষ্ট্ৰীয় অনাতাঁৰ বঁটা (১৯৯২); ৰাষ্ট্ৰীয় কথা বঁটা, ২০০৫ (জলছবিত শেষ সাঁজ গল্পৰ বাবে); শতবৰ্ষীয় সাহিত্য সন্মান, ২০১৭ (অসম সাহিত্য সভা); অন্য যুগ সাহিত্য সন্মান (২০২১)৷

সঞ্জীৱ পল ডেকা : নৰ্থ-ইষ্ট ফাউণ্ডেচন বঁটা, ২০১২ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, নৰ্থ-ইষ্ট ফাউণ্ডেচন); যুৱ বঁটা, ২০১৫-১৬ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, ভাৰতীয় ভাষা পৰিষদ); যুৱ পুৰস্কাৰ, ২০১৯ (এইপিনে কি আছে গল্প সংকলনৰ বাবে, সাহিত্য অকাডেমি)৷